- Get link
- X
- Other Apps
বৰপেটাৰ সত্ৰীয়া ওজাপালি নৃত্য সত্ৰনগৰী বৰপেটাত ওপজা সূত্রে , সত্ৰীয়া - সংস্কৃতিৰ বীজ আমাৰ ধমনীয়ে ধমনীয়ে প্ৰৱাহিত হৈ আছে । বুজি পােৱা দিনৰপৰাই আকাশে - বতাহে , নৈয়ে জানে কেৱল হৰি নামৰ গীত - মাতকে শুনিবলৈ পাই , সেইবােৰ সহজাত । প্রক্রিয়াত কণ্ঠস্থ হৈ পৰিছিল । তেনে সুবাদতে আমি পঢ়া প্রাথমিক বিদ্যালয়খনত আৰম্ভণিতে গােৱা সমূহীয়া প্রার্থনাৰ ‘ পাঠক ’ হােৱাৰ । গাে পাইছিলো । তাকে দেখি সেই সময়ত বৰপেটাত ওজাপালি নৃত্যৰ চৰ্চা চলাই থকা গুৰু নৰনাথ ওজাদেৱে আমাকো তেওঁৰ ওজাপালি দলত অংশ গ্রহণ কৰিবলৈ সুযােগ দিছিল।এয়া ১৯৫৫ চনৰ কথা । তেতিয়া সত্ৰনগৰীৰ স্থানীয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উপৰি কোকৰাঝাৰৰ দতমা , কামৰূপৰ ৰঙিয়া , দৰঙৰ খৈৰাবাৰী আদি ঠাইত আমি এইনৃত্য প্রদর্শন কৰি ফুৰিছিলোঁ । তেতিয়াৰ ওজাপালিৰ দলটোত প্রসিদ্ধ বৰগীত গায়ক অনন্ত ওজাই ওজা’ৰভাও লৈছিল । আৰু ঠাকুৰ ওজা , গােকুল ওজা আৰু এই লেখকে পালি’ৰ ভাও লৈছিলোঁ । শাৰীৰিক কাৰণত নৰনাথ ওজাদেৱে প্রশিক্ষকৰ দায়িত্ব বহন কৰিব নােৱৰা হােৱাত পাছলৈ শংকৰী কৃষ্টিৰ সাধক গুৰু প্ৰসাদ ওজাদেৱে এই দায়িত্ব গ্রহণ কৰে আৰু এতিয়াও সেয়া সূচাৰুৰূপে পালন কৰি আছে । শংকৰীনৃত্যবিলাকৰ অন্যতম ওজাপালি নৃত্য অতি পুৰণি কলা । অসমীয়া সাহিত্য - সংস্কৃতিৰ বিদগ্ধ পণ্ডিত ড ° মহেশ্বৰ নেওগদেৱৰ মতে সুৰীয়া অসমত শাস্ত্রীয় শৈলী সমৃদ্ধ তিনিবিধ নৃত্য প্রাচীন কালৰপৰাই প্রচলিত হৈ আহিছে । এইতিনিবিধ হ’ল — নটী , প্রাকনৱবৈষ্ণৱ ওজাপালি আৰুনৱ - বৈষ্ণৱ সত্ৰীয়া নৃত্য । ওজাপালি নৃত্য আকৌ দুভাগত বিভক্ত —১ ) সুকন্নানি ( সুকবিনাৰায়ণৰ নামেৰে ) আৰু ২ ) ব্যাহ বা বিয়াহ গােৱা ( সম্ভৱতঃ মহাভাৰত স্রষ্টা ব্যাস দেৱৰ নামেৰে ) । প্রথমবিধত প্ৰধানকৈ মনসা দেৱীক পূজা - অর্চনা কৰি গীত নাচ পৰিবেশন কৰা হয় । দ্বিতীয়বিধত মহাভাৰত আৰু ৰামায়ণৰ কাহিনীৰ আধাৰত ৰচিত গীত - পদ গােৱা হয় । দলৰ মুখ্যজনক ‘ ওজা আৰু সহযােগীসকলক ‘ পালি ’ বুলি কোৱা হয় । এগৰাকী মুখ্য পালি থাকে , যাক বােলা হয় ডাইনা পালি ’ । গীত গােৱাৰ লগে লগে নাচি নাচি হাতেৰে মুদ্রা প্রদর্শন কৰি ওজাইদলটোক নেতৃত্ব প্রদান কৰে । এই সন্দৰ্ভত প্ৰায়েই কোৱা হয়—
‘ হাতে মুদ্রা মুখে
গীত সাৱে ধৰে তাল ।
ময়ূৰ সদৃশ নাচে
সেহি ওজা ভাল ।।
প্রথমবিধৰ তুলনাত দ্বিতীয়বিধ ওজাপালি দৰং জিলাৰ বিভিন্ন অঞ্চলত এতিয়াও বৰ জনপ্রিয় ।
প্ৰথমতে বৰপেটাতাে বিয়াহ গােৱা ওজাপালিৰে প্ৰচলন আছিল । মহাপুৰুষজনাই তেৰাৰ ধর্ম প্রচাৰৰ সময়ত জন মানসত ওজাপালিৰ গুৰুত্ব দেখি ইয়াৰ প্রতি বিশেষভাৱে আকৃষ্ট হৈ পৰিছিল । সেয়ে তেৰাই ওজাপালিক ধর্ম প্রচাৰৰ বিশেষ আহিলা হিচাপে গ্রহণ কৰিছিল আৰু আতিগুপ্ত স্বৰূপে থকা পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়াটো ইয়াৰ জৰিয়তে বাবে সহজলভ্য কৰাৰ প্রচেষ্টা চলাইছিল ।
According to the Opaja Sutras in Barpeta, the seeds of Satriya culture are flowing through our arteries. The process was memorized. In that sense, it is possible to be a 'reader' of village prayers at the beginning of primary school. I got it. Guru Narnath Ojadev, who was practicing Ojapali dance in Barpeta at the time, offered us the opportunity to join his Ojapali troupe. This was in 1955. In addition to the various local cultural events in Satnagari, we performed Datma in Kokrajhar, Rangiya in Kamarupa, Khairabari in Darang, etc. The then Ojapali group also included the famous Bargit singer Ananta Ojai Ojarava. And Thakur Oja, Gaekul Oja and this writer. Guru Prasad Ojadev, a devotee of Sankari Krishti, took over the post after Narnath Ojadev refused to take up the post of trainer due to physical reasons and he is still performing it properly. Ojapali dance is one of the oldest dances of Sankari dance. According to Dr. Maheshwar Neogdev, a scholar of Assamese literature and culture, three types of classical dance, rich in classical style, have been prevalent in Surya Assam since ancient times. These are - Nati, Pre-Vaishnava: Ojapali Arun: - Vaishnava: Satriya dance. The Ojapali dance is again divided into two parts: 71) Suknnani (in the name of Sukbinarayan) and 2) Byah or Biya Gaeva (probably in the Mahabharata, the name of the creator Byas Deva). In the first case, Manasa Devi is worshiped and songs and dances are performed. In the second case, songs based on the stories of Mahabharata and Ramayana are sung. Oja and the main teamThe collaborators are called 'Pali'. There is one main pali, which is called Daina Pali. As soon as the song is sung, Nachi Nachi leads the group by displaying coins in his hand. In this context, it is often said -
‘The rhythm of the song is in the hands of the coin. Sehi Oja is good for peacock dance.
The second type, Ojapali, is still more popular in different parts of Darang district than the first.
Initially, it was customary for Ojapali to marry in Barpeta. The great men were especially attracted to the importance of Ojapali in the minds of the people during the preaching of Tera religion. This is the reason why Terai took Ojapalik as a special tool for propagating the religion and through this the most invaluable gem in the form of Atigupta, Hari's name, was used to raise money. Attempts were made to make it readily available
- Get link
- X
- Other Apps
Comments
Post a Comment
If you have any doubts. Please let us know.