Laxmi Puja

Entrance gate of Barpeta satra!! (প্ৰবেশ দুৱাৰ বৰপেটা সত্ৰৰ)।।

দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ সত্ৰ চৌহদৰ পশ্চিম সীমাৰ সাে - মাজত মুখ্য প্রবেশ দ্বাৰটো কিছু নিলগৰ পৰা দেখিবলৈ পােৱা যায় । ইয়াক বাটঘৰ ( বাটচ'ৰা ) আৰু পকী ৰূপত সজা বাবে দালান বুলিও কোৱা হয় । প্রথম অৱস্থাত বাটচ'ৰাটো বাঁহ খেৰেৰে সজা হৈছিল আৰু পিচলৈ ভক্তপ্রাণ ৰাইজে কাঠৰ খুটা আৰু টিনপাতেৰে ইয়াক সাজি উলিয়ায় । ঊনৈশ শতিকাৰ শেষৰ পিনে এই বাটচ'ৰাটো ইটা আদিৰে পকী কৰি সজা হৈছিল যদিও ১৮৯৭ চনৰ বৰভূঁইকপত ক্ষতি সাধন হােৱাত ইং ১৯৩১ চনত ( ১৩৩৮.ভাস্কৰাব্দ , শাওণ মাহ ) বুঢ়াসত্রীয়া চতুর্ভুজ মিশ্রৰ দিনত স্থানীয় মিস্ত্রীৰ সহায়ত কেবা গৰাকী সুদক্ষ পঞ্জাৱী মিস্ত্রীয়ে বৰ্তমানৰ চালে চকুৰােৱা দালান ঘৰটো পুনৰ নিৰ্মাণ কৰি উলিয়ায় । কীৰ্ত্তন ঘৰৰ চৌহদত প্রৱেশ কৰাৰ প্ৰাক্‌ মুহূৰ্তত এই সিংহদ্বাৰৰ সন্মুখত প্রণাম জনাই আধ্যাত্মিক ভাৱত দেহ মন অর্পণৰ এক শুভ আৰম্ভণি ইয়াৰ পৰাই হয় । দালানৰ সন্মুখৰ ওপৰভাগত লিখা ধর্মীয় তাৎপৰ্যপূর্ণ বাণী “ যথা ধর্ম তথা জয় ” মন কৰিবলগীয়া । দালানৰ বাহিৰেও কীৰ্ত্তন ঘৰত প্ৰৱেশৰ সুবিধা হােৱাকৈ উত্তৰ আৰু দক্ষিণ পিনে দুখন প্রৱেশ দ্বাৰ আছে । এই পকী দ্বাৰ দুখন নানা ভাস্কর্যেৰে সুশােভিত । কোনাে এক সময়ত শুক্ল বৰ্ণৰ হাতী এটিয়ে দালানৰ সন্মুখত মূৰ দোৱাই যােৱা এটি প্রবাদ আজিও ভক্ত প্রাণ ৰাইজৰ মাজত প্ৰচলিত হৈ থকা কথাৰ উমান  পােৱা যায় ।
                                    ****""""*****
The main entrance can be seen from some of the Nilgiris along the western boundary of the second Baikunthapuri Barpeta Satra .  It is also known as the Bataghara and the building for the decoration of birds.  In the first stage, the batchara was decorated with wooden poles and the devotees used to decorate it with wooden poles and tin cans till the pitch.  This is a good start to the surrender of the body and mind in a spiritual way by bowing before this gate just before entering the perimeter of the kirtan Ghar.  The religiously significant message on the front of the building, "Religion and Victory," is noteworthy.  Apart from the building, there are two entrances to the kirtan Ghar at the north and south.  This  door is adorned with various sculptures.  A prover that once a white elephant bowed its head in front of a building can still be heard among devotees.

Comments