Laxmi Puja

Bhithi of Sri Sri Mathura Das Budhaata ( শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতাৰ ভিঠি )!! Barpeta Satra !!

শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতাৰ ভিঠি !!
 শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতাৰ ভিঠি ১৫৯৬ খৃঃ ত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা মনােনীত বৰপেটা সত্ৰৰ প্রথম সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ ভিঠি থান । ইয়াক ( গােলিক বৈকুণ্ঠ বুলিও কয় । বুঢ়া আতা পুৰুষৰ পুৰণি বাসস্থান বৰপেটাৰ নহাটীত এতিয়াও বিদ্যমান  হৈ আছে । সত্ৰাধিকাৰ হােৱাৰ পিচত তেওঁ বৰপেটা সত্ৰ চৌহদত থাকিবলৈ লৈছিল । তেওঁৰ পিতৃ পুৰুষৰ নাম বীৰসাদ আৰু মাতৃৰ নাম ধৈৰ্য্যা আছিল । ১৪৯০ খৃঃ ত বুঢ়া আতাই পুণ্যভূমি তাঁতীকুছি ( বৰপেটা ) ত জন্ম গ্রহণ কৰি ল'ৰালি কালত ইচ্ছাকুছি ( ইচ্ছাপুৰহাটী ) ত শিক্ষা গ্রহণ কৰিছিল । কোনােৱে আকৌ শিৱসাগৰ জিলাৰ খনা খােকৰাত জন্ম হােৱা বুলিও কয় । সকতে গােপাল তাতী নামে জনাজাত ৰামৰমীয়া চৈতন্যপন্থী বুঢ়া আতাই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ৮১ বছৰ বয়সত শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা শুদ্ধ আৰু নিখুত এক শৰণ নাম ধৰ্ম্ম ০ গ্ৰহণ কৰি ১০৭ বছৰ বয়সৰ পৰা সুদীর্ঘ ৪৪ বছৰ কাল বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ হৈ ১৫১ বছৰ বয়সত নশ্বৰ দেহ এৰি ১৬৪১ খৃঃত বৈকুণ্ঠগামী হয় । বুঢ়া আতাৰ ঐকান্তিক প্রচেষ্টাৰ বাবেই মহাপুৰুষ মাধৱদেৱে তাঁতীকুছি ( বৰপেটা ) লৈ আহিছিল ।
বৰপেটা সত্ৰৰ বাবে ৰাম লাড়ুৱা বুঢ়াৰ পৰা মাটিডােখৰ দান স্বরূপে পাইছিল ; সত্র স্থাপন হৈছিল । এই আটাইবােৰ বুঢ়াআতা পুৰুষৰ জীৱনৰ সফলতম অৱদান । বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ হৈও সেৱা ধৰ্ম্মৰ মাজেৰে দাসালি । কাম কৰা আৰু সাম্যৰ ভিত্তিত এক শ্রেণীহীন সমাজ গঢ়াৰ অতি উচ্চ মানৰ আদর্শ সকলােৰে আগত দাঙি ধৰাৰ উপৰিও সেই সময়ত উদ্ভাবিত উজ্জ্বল । নিদর্শন সম্পূর্ণ গণতান্ত্রিক পদ্ধতিৰে বৰপেটা কীৰ্ত্তন ঘৰৰ অক্ষয় ভাণ্ডাৰ , চৈধ্য প্রসঙ্গ , বৰপেটাক ২২ খন হাটীত বিভক্ত , হাটীত ধন ভৰালৰ প্রতিষ্ঠা , কীৰ্ত্তন ঘৰৰ ৰা নিয়ােজন , ভাগলােৱা , ভকতলেখা , সমূহ আদি সকলােবােৰৰ ব্যৱস্থা তেৱেঁই কৰিছিল আৰু সেই হিচাপে আজিও চলি আছে । ভিঠি স্থাপনৰ সময়ৰ পৰাই আজিলৈকে কেৱল পাঠক বংশৰ দ্বাৰা ইয়াত সুকীয়াকৈ প্ৰসঙ্গৰ কাম চলি আছে । বৰ্তমানৰ ঘৰটি বৰহাটীৰ বাপুসকলে এটা সময়ত বান্ধি দিছিল ।
                     **************
Bhithi of Sri Sri Mathura Das Budhaata
Bhithi of Sri Sri Mathura Das Budhaata was established in 1596 AD by the great man Sri Sri Madhavadeva. He was 1st Satra-Adhikar of Barpeta Satra. After becoming Satra-Adhikar of Barpeta Satra he have stay on Satra.His father's name is Birsad and his mother's name is Dhairya. It is still the oldest residence of the old man in Barpeta Nahati.  He was born in Ichchakuchi (Ichchapurhati) during the Larali period. Some says that He  born in Khana Khakera of Shivsagar district. He is the son of Janajat Ramramiya Chaitanyavari.  The ideals of building a classless society based on work and equality were not only uplifted by all but also brilliant.  From the time of its establishment till date, only the Pathak dynasty has been working on the topic here.  The present house was built by the Bapus of Barhati at one time.

Comments