Laxmi Puja

বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শেষ বিদায় ।। Satra-Adhikar of Barpeta Satra passed away!! Today!!

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভু নৱজিৎ দাস পাঠকদেৱৰ মহাপ্ৰয়াণ।



 বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ পাঠক বৰপেটা বাসীৰ মাজৰ পৰা চিৰ বিদায় লৈ বৈকুণ্ঠৰ পিনে গতি কৰিলে। বিগত কিছুদিন ধৰি ডেকা সত্ৰীয়া বাপজনা অসুস্থ হৈ আছিলে। কিছুদিন আগতে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ডেকা সত্ৰীয়া বাপজনাৰ হৃদয়ৰ এক জটিল অষ্ট্ৰপচাৰ সম্পন্ন হৈছিলে।  ইয়াৰ পিছতেই তেখেতক চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ অনা হয় আৰু নিজ গৃহতেই পৰিয়ালৰ লোকে সেৱা-শুশ্ৰুষা প্ৰদান কৰে। কিন্তু হঠাৎ যোৱা নিশা নিজ বাসগৃহত তেখেতৰ মহাপ্ৰয়াণ ঘটে। তেখেত হঠাতে বৈকুণ্ঠগামী হোৱাৰ খবৰে বৰপেটা বাসী ৰাইজৰ মন ব্যাথিত কৰি তুলিছে। তেখেতৰ মহাপ্ৰস্থান বৰপেটাবাসী ৰাইজৰ বাবে এক অপূৰণীয় ক্ষতি। পৰম পূজনীয় ডেকা সত্ৰীয়া বাপজনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় বৰপেটাৰ বিভিন্ন প্ৰান্তৰ বাপ বৈষ্ণৱ সকলে।





  Navjit Pathak, Deka Satra-Adhikar of Barpeta Satra, bid farewell to the people of Barpeta and moved to Vaikuntha.  For the past few days, Deka Satriya's health has been ill.  A few days ago, Deka Satriya underwent a complex heart surgery at a private hospital in Guwahati.  After this he is brought back to his home from the hospital and his family members provide care at his home.  But suddenly Nisha fell in love with him at his home.  The news of his sudden departure from Vaikuntha has upset Rise, a resident of Barpeta.  His departure was an irreparable loss for the Barpeta Rise.  All the Vaishnavas from different parts of Barpeta pray to the Lord for the eternal peace of the departed soul of the most revered Deka Satriya Bap.      











Comments