Laxmi Puja

Thiyanam / Birnam(থিয়নাম/বীৰনাম)

Thiyanam / Birnam

There are two types of names - Bohi and Thiya Hai.  The book Goa is called "Niranam" and Thee Hai Goa is called "Theonam or Birnam".  Nagara is used as a musical instrument in "Theanam or Birnam". Bapusakals (Pali) are semicircular.  There is a reader in the middle and an artist playing the nagara on the opposite side.  After reading the name of the reader, the sound of the name becomes impressive in the combination of drums and palms played by the Bapus.  The text of the name is called Nachi-Bagi in different coins and the Bapus also use the name Hali-Jali.

 Barpeta's naming of 'Theanam' as 'Birnam' is followed by the naming of 'Balisalan'.  At the behest of Lord Baman, Indraka left the throne and went to Sutla. After the grace of Vishnu, Madhav's Sudarshan-chakra was kept in the Rajya Sabha. Fearing this, the demons kill Nital.  Taking this opportunity, Vishnu, a devotee, sings the hymns of Govinda taught by Kakak Prahlad and is accompanied by other demons.



 “I got up and started chanting.

 I'm not sure if I'm going to be able to do that.

 Prahlade Shikhant Gave Govinda's song.

 The giant dances with great joy.



 In the same way that the demon named Hari can alleviate the demonic nature of the demons and achieve the ultimate welfare, the reason why the name of the demon can be played by clapping one's hands is called "Birnam".



থিয়নাম/বীৰনাম

দুই প্ৰকাৰে নাম গোৱা হয়- বহি আৰু থিয় হৈ। বহি গোৱা নামক “নীৰনাম” আৰু থিয় হৈ গোৱা নামক “থিয়নাম বা বীৰনাম” বুলি কোৱা হয়।দুয়োবিধ নামতে তাল বজোৱা হয়, হাত-চাপৰি বজোৱা হয়। “থিয়নাম বা বীৰনাম”ত বাদ্য হিচাপে নাগাৰা ব্যবহাৰ কৰা হয়।অৰ্দ্ধবৃত্তাকাৰে বাপুসকল(পালি) থিয় হয়। মাজত পাঠক থাকে আৰু সমুখতৰ একাষত নাগাৰা বজোৱা শিল্পী থাকে। পঠকে নাম লগাই দিয়ে, বাপুসকলে হাত-চাপৰি বজাই নাগাৰা আৰু তালৰ সংমিশ্ৰণত নামৰ ধ্বনি চিত্তাকৰ্ষক হৈ পৰে। নামৰ পাঠকে বিভিন্ন মুদ্ৰাৰে নাচি-বাগি নাম লগাই দিয়ে আৰু বাপুসকলেও হালি-জালি নাম ধৰে।
বৰপেটাৰ ‘থিয়নাম’ক  “বীৰনাম” বুলি নামকৰণ কৰাৰ অন্তৰালত ‘বালিছলন’ৰ নাম-কীৰ্তনৰ প্ৰসংগ টানি অনা হয়। ভগৱান বামনৰ নিৰ্দেশত দৈত্যৰাজ বলিয়ে ইন্দ্ৰক ৰাজপাট এৰি দি সুতললৈ যোৱাৰ পিছত বিষ্ণু কৃপাত মাধৱৰ সুদৰ্শন-চক্ৰ ৰাজসভাত ৰখীয়া হৈ পৰে।ইয়াৰ ভয়ত দৈত্যসকলে নিতাল মাৰি থাকে। এই সুযোগত গ্ৰহণ কৰি বিষ্ণু ভক্ত বলিয়ে ককাক প্ৰহ্লাদে শিকোৱা গোবিন্দৰ গীত গায় আৰু তেওৰ লগত আন দৈত্যসকলেও চাপৰি বজায় কীৰ্তন কৰে-

“উঠি কতো কীৰ্তন কৰন্ত তাল ধৰি।
দৈত্যগণে বেঢ়ি বাৱে চৌপাসে চাপৰি।।
প্ৰহ্লাদে শিখান্ত গাৱে গোবিন্দৰ গীত।
পৰম আনন্দে দৈত্যপতি কৰে নৃত্য”।।

কিন্তু কিছুমান দৈত্যই ‘ছাড়িলে দৈত্যৰ নীতি, ভৈল বিষ্ণুৰেসে ভিতি, জানা আক পইলেক বিবুদ্ধি’ বুলি নামক আওকাণ কৰি উঠে যোৱাত সুদৰ্শম-চক্ৰই পিছে পিছে খেদি খেদি এইদৰে নাগুৰ-নাকটি কৰেঃ

“কাৰো নাক কাণ  কৰৈ খান খান
  কৰো কংকালত কাটৈ।
হাত ভৰি ভাঙ্গি  কৰয় চৌৰাঙ্গী
  পৰি গড়াগড়ি বাটে।।
কাৰো জিহবা আনি  কাটে টানি টানি
  ধৰি দুয়ো চক্ষু কাঢ়ে।
কাৰো দান্ত সাৰে  কদৰ্থিয়া মোৰে
  দৈত্যৰ লাগ নছাৰে”।।

চক্ৰৰ ভয়ত এইসকল দৈত্যক কোনেও আশ্ৰয় নিদিয়ে।ফলত আকৌ দৈত্যৰাজ বলিৰ শৰণলৈ আহি ‘দৈত্যগণে ত্ৰাস হুয়া কাণমুগু নলাৰিয়া, থাকিলা বলিৰ আজ্ঞা মনি’।দৈত্যৰাজ বলিয়ে দানৱসকলক অসুৰ স্বাভাৱ এৰি পৰম কাল্যাণকাৰী হৰি- ভকতি কৰিবলৈ গাহাৰি জনায়ঃ

কৰযোৰে বোলো হেৰা  অসুৰ স্বভাৱ এৰা
     হৰি ভকতিত দিয়া চিত্ত।
মুখে হৰিনাম স্মৰৈ      হূদয়ত ৰূপ ধৰৈ
     তাহাৰো ভৃত্যৰো মই ভৃত্য।।(কীৰ্তন ঘোষা)

যিদৰে হৰি নামে দৈত্যসকলৰ অসুৰ স্বভাৱ প্ৰশমিত কৰি পৰম কল্যাণ সাধিব পাৰে সেইদৰে বীৰ দৈত্যসকলৰ আৰ্হিত হাত চাপৰি বজাই থিয় হৈ নাম-কীৰ্তন কৰাকে “বীৰনাম” বুলি অভিহিত কৰাৰা যুক্তি বিচাৰি পাব পাৰি।


Comments